ইয়ো 37:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দক্ষিণৰ কোঁঠালিৰ পৰা ধুমুহা আহে, আৰু উত্তৰৰ পৰা জাৰ উপস্থিত হয়। |
তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। দক্ষিণ অঞ্চলত বা’মৰলী বতাহ বেগেৰে চলাৰ দৰে, এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে।
যিহোৱাই তেওঁলোকৰ ওপৰত দেখা দিব আৰু তেওঁৰ কাঁড় বিজুলীৰ নিচিনাকৈ ওলাব! প্ৰভু যিহোৱাই শিঙা বজাব আৰু দক্ষিণ অঞ্চলৰ বা’মাৰলী বায়ুস্বৰূপ ৰথত গমন কৰিব।