ইয়ো 34:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো তেওঁ নিজৰ পাপত বিদ্ৰোহ লগ লগাইছে, তেওঁ আমাৰ মাজত হাত-তালি দিছে, আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে। |
যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।
আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।
কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”