ইয়ো 34:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জন বুলি প্ৰহাৰ কৰে; |
যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।
তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।
এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে।
বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।
তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”
এইদৰে অনেক স্ত্রীৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা।
তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।
কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ-পথত অগ্ৰগামী হয় আৰু কোনো কোনো লোকৰ পাপ পাছত স্পষ্ট হয়৷
“হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাববাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”