পাছে ৰজাই তেওঁৰ দাসবোৰক ক’লে, আজি যে ইস্ৰায়েলৰ মাজত প্ৰধান আৰু মহান লোক এজন পতিত হ’ল, তাক জানো তোমালোকে নাজানা নে?
ইয়ো 32:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বৰ বৰ লোক যে জ্ঞানী, এনে নহয়; আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে, সিও নহয়। |
পাছে ৰজাই তেওঁৰ দাসবোৰক ক’লে, আজি যে ইস্ৰায়েলৰ মাজত প্ৰধান আৰু মহান লোক এজন পতিত হ’ল, তাক জানো তোমালোকে নাজানা নে?
সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।”
এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।
মই ডাঙৰীয়াসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত কথা কম; কিয়নো তেওঁলোকে ক’লে, যিহোৱাৰ পথ আৰু তেওঁলোকৰ ঈশ্বৰৰ শাসন জানে, কিন্তু তেওঁলোকে এক মত হৈ যুৱলি ভাঙিলে আৰু যোঁত-জৰী চিঙি পেলালে।
সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।