অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ইয়ো 32:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো মই কথাৰে পৰিপূৰ্ণ, মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে।

অধ্যায়টো চাওক



ইয়ো 32:18
9 পৰস্পৰ সংযোগসমূহ  

মইও নিজৰ পক্ষে উত্তৰ দিম; মইও নিজৰ মন জনাম।


চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা। সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে।


কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?


মই মোৰ অন্তর্জ্বালাত দহিছো। মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলোঁ, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ,


আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’, তেনেহ’লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হ’লো, সহি আৰু থকিব নোৱাৰোঁ।


এই হেতুকে মই যিহোৱাৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ; মই তাক আটক কৰি ৰাখিবলৈ ক্লান্ত হৈছোঁ। আলিত শিশুসকলৰ ওপৰত, আৰু ডেকাসকলৰ সভাৰ ওপৰত তাক একেবাৰে ঢালি দিয়া। কিয়নো ভাৰ্য্যাৰে সৈতে স্বামী, সম্পূৰ্ণ আয়ুসপ্ৰাপ্ত লোকৰ সৈতে বৃদ্ধ, সকলোকে ধৰা যাব।


কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।