সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব।
ইয়ো 31:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক। |
সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব।
সি নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, গ্ৰাস নকৰিব; সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব।
সিহঁতে খাবৰ নিমিত্তে পথাৰত পহুৰ যোগ্য শস্য কাটে; আৰু দুৰ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি চপায়।
তেন্তে তোমালোকে এনে কৰাত মইও তোমালোকলৈ এইদৰে আচৰণ কৰিম: মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা, যক্ষ্মাৰোগ আৰু পোৰণি জ্বৰ নিৰূপণ কৰিম; আৰু তোমালোকে মিছায়ে গুটি ববা; কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব।
তোমালোকে সিঁচিবা কিন্তু দাবলৈ নাপাবা; তোমালোকে জিত গচকিবা কিন্তু তেল নিজে ঘঁহিব নাপাবা; তোমালোকে দ্ৰাক্ষাগুটি চেপিবা, কিন্তু দ্রাক্ষাৰস পান কৰিবলৈ নাপাবা।
আপোনালোকে খেতিলৈ অধিক বীজ লৈ যাব, কিন্তু গোটাব অলপহে; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব।
আপোনালোক ধ্বংস নোহোৱালৈকে তেওঁলোকে আপোনালোকৰ পশুবোৰৰ পোৱালি আৰু খেতিৰ শস্য খাই পেলাব; শেষ পর্যন্ত আপোনালোক বিনষ্ট নোহোৱালৈকে শস্য, নতুন দ্ৰাক্ষাৰস বা তেল, আপোনালোকৰ পশুবোৰৰ বা মেৰ-ছাগৰ জাকৰ পোৱালিকো অৱশিষ্ট নাৰাখিব।
“ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱাই! ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱায়েই জানে! আৰু ইস্ৰায়েলেও জানক; সঁচাকৈ আমি যদি বিদ্ৰোহীভাবে বা যিহোৱাৰ আগত সত্যলঙ্ঘন কৰিলোঁ, তেনেহলে আজি তুমি আমাক ৰক্ষা নকৰিবা৷