ইয়ো 31:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল! চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক; অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল! |
বিনয় কৰোঁ, তুমি মোৰ নিৰ্দ্দোষীতা প্ৰকাশ কৰাৰ এটা চিন থোৱা; নিজৰ আগত নিজেই মোৰ জামিন হোৱা; আন কোনেও মোৰ জামিন হ’বলৈ স্বীকাৰ কৰিব?
তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে; আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে।
চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে; মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।
মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন।
তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে?
তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো শুনিব, তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা।
দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।
তোমাৰ গুচৰিয়াৰ সৈতে তুমি আদালতৰ চোতাললৈ গৈ থাকোতেই বেগাই মিলন হোৱা; অন্যথা জানোছা তোমাৰ গুচৰিয়াই তোমাক বিচাৰকৰ হাতত শোধাই দিয়ে; বিচাৰকেও তোমাক টেকেলাৰ হাতত শোধাই দিয়ে আৰু তেতিয়া তোমাক কাৰাগাৰত ভৰাই থোৱা হব।