ইয়ো 30:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে। |
তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল।
ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।
কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।
ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।
তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰৰ মাজলৈ অগ্নি পঠিয়ালে আৰু সেয়ে হাড়বোৰক জ্ৱলাই পেলালে। তেওঁ মোৰ ভৰিত জাল পাতিলে আৰু মোক ঘূৰাই আনিলে। তেওঁ মোক সঘনাই পৰিত্যক্ত আৰু শক্তিহীন কৰিলে।
এতিয়া তেওঁলোকৰ মুখ এঙাৰতকৈ ক’লা হ’ল, আৰু তেওঁলোকক আলিবাটত চিনি পোৱা নাযায়। তেওঁলোকৰ ছাল হাড়ত লাগিল। ই শুকাই কাঠ যেন হ’ল।
মই শুনিলোঁ আৰু মোৰ ভিতৰ অংশ কঁপি উঠিল! শব্দত মোৰ ওঁঠ কঁপি উঠিছে! মোৰ হাড়বোৰ ক্ষয় হ’ব ধৰিছে, আৰু মোৰ ভিতৰ অংশ কঁপি উঠিছে তথাপি যি সকলে আমাক আক্রমণ কৰিলে, তেওঁলোকৰ ওপৰলৈ সঙ্কটৰ দিন অহাৰ বাবে মই নিৰৱে অপেক্ষা কৰি আছোঁ।