সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়।
ইয়ো 29:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ। |
সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়।
দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?
(এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়, আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক;)
কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।
তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?
তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।
মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।