ইয়ো 24:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অনাবৃষ্টি আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই নিয়ে, তেনেকৈ চিয়োলে পাপীবোৰক গ্ৰাস কৰে। |
কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ; মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব; তেওঁলোক চিয়োললৈ নামি যাব। তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব; তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব।
ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?
কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷