ইয়ো 21:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে? |
দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি? আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি?
দুষ্টলোকৰ যাতনা অধিক; কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।
এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক’লে, তোমালোকৰ পৰা অলপ মান তেল আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে।
তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হ’ব৷ তাতে প্ৰভুৱে দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হ’ব৷