ইয়ো 14:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা; |
যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।
পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়? তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে, তোমাৰ পুস্তকত সকলো লিখা আছিল; মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।
তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
জন্মৰ যেনেকৈ এক সময় আছে, মৃত্যুৰো তেনেকৈ সময় আছে; ৰোপণৰ সময় আছে আৰু উঘালি পেলাবৰো সময় আছে।
নিজৰ আত্মাক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে! তেনেকৈ মৃত্যুৰ দিনৰ ওপৰতো কাৰো হাত নাই। যুদ্ধৰ সময়ত যেনেকৈ কোনো সৈনিক মুক্ত নহয়, তেনেকৈ দুষ্টতাৰ বশত থকা ব্যক্তিৰ দুষ্ট কার্যৰ অভ্যাসৰ পৰা সেই দুষ্টতাই তেওঁক মুক্ত কৰিব নোৱাৰে।
ৰজাই যি কৰিবলৈ ইচ্ছা কৰে, সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাবোৰৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্বৰ্যজনক কথা ক’ব। ক্রোধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ’ব; কাৰণ বিধানত যি আছে, সেয়াই সিদ্ধ কৰা হ’ব।
তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসী সকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে; কোনেও তেওঁক ৰখাব নোৱাৰে, বা তেওঁক আপত্তি কৰিব নোৱাৰে; আৰু ‘আপুনি কি কৰিছে?’ এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে।”
অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?
এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।
আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে।
ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয় যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে, যি জনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব।
দায়ূদে পুনৰ ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক যিহোৱাই আঘাত কৰিব, বা তেওঁৰ অন্তিম কাল আহিলে তেওঁ নিজে মৰিব, নাইবা তেওঁ ৰণলৈ গৈ তাতেই বিনষ্ট হ’ব।