অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ইয়ো 13:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।

অধ্যায়টো চাওক



ইয়ো 13:23
9 পৰস্পৰ সংযোগসমূহ  

মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা; মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া।


তুমি যে মোৰ অপৰাধ অনুসদ্ধান কৰিছা, আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা,


তোমাৰ দুষ্টতা অধিক নহয় নে? তোমাৰ অপৰাধ অসীম নহয় নে?


তুমি কলা, “মই শুচি, মই নিৰপৰাধী, মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই।


মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।


তুমি মোৰ পাপ কিয় ক্ষমা নকৰা? আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।”


হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;