ইয়ো 12:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 “হয় হয়, তোমালোকহে মানুহ; মৰিলে জ্ঞান তোমালোকৰ লগতে যাব। |
ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে? বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব?
জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰিলে, ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল! এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে।
কিন্তু আহাঁ, তোমালোক সকলোৱে পুনৰায় আৰম্ভ কৰা; আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাওঁ।
কিয়নো তুমি এওঁলোকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা; এই হেতুকে তুমি এওঁলোকক মোক জয় কৰিবলৈ নিদিবা।
ধনী লোক নিজৰ দৃষ্টিত জ্ঞানী হ’ব পাৰে; কিন্তু বিবেচনা শক্তি থকা দৰিদ্ৰ লোকে তেওঁক বিচাৰি উলিয়াব।
আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছোঁ, কিন্তু আপোনালোক খ্রীষ্টত বুদ্ধিমন্ত হৈছে। আমি দূৰ্বল, কিন্তু আপোনালোক বলৱন্ত। আপোনালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত।
আপোনালোকক লাজ দিবৰ কাৰণে মই এই কথা কৈছোঁ। আপোনালোকৰ মাজত সঁচাই এনে কোনো জ্ঞানৱান লোক এজনো নাই নেকি, যি জনে ভাই, ভনী সকলৰ মাজত বিবাদ হ’লে, সেইবোৰ সোধ-বিচাৰ কৰি নিস্পত্তিৰ বাবে ঠাৱৰ কৰিব পাৰে?