ইয়ো 10:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেইদেশ মাজনিশাৰ নিচিনা ঘোৰ অন্ধকাৰ, সেই দেশ মৃত্যুচ্ছায়াৰ দেশ, তাত একো সুশৃংখল ৰূপত নাই; তাত পোহৰেই অন্ধকাৰৰ নিচিনা’।” |
কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; মেঘে তাক ঢাকি ধৰক; দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক।
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম জনা যাব? যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্মিকতাৰ কার্য জনা যাব?
হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ, ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।
তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
তোমালোকৰ ঈশ্বৰ যিহোৱাই অন্ধকাৰ নৌ আনোতেই, অন্ধকাৰময় পৰ্ব্বতত তোমাৰ ভৰি উজুটি নৌ খাওঁতেই, আৰু তোমালোকে পোহৰলৈ বাট চোৱাত তেওঁ তাক মৃত্যুচ্ছায়াত পৰিবৰ্ত্তন নৌ কৰোঁতেই, আৰু তাক ঘোৰ অন্ধকাৰ নৌ কৰোঁতেই তেওঁক গৌৰৱাম্বিত কৰা।
তেওঁলোকে নকলে, যে, যি জনাই মিচৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যি জনাই মৰুভূমিৰ মাজেদি, বালুকাময় আৰু গুহাময় দেশৰ মাজেদি, খৰাং আৰু মৃত্যুচ্ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল, সেই যিহোৱা ক’ত?
এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা’।