ইব্ৰী 6:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আমাৰ যি আশা আছে, সেই আশা আমাৰ আত্মাৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়। |
হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ।
হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।
হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।
চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।
তেতিয়া তেওঁ লোকসকলৰ পাপাৰ্থক বলিৰ ছাগলীটো কাটি, তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল, তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপাবৰণত আৰু পাপাবৰণৰ সন্মূখত তাক ছটিয়াব।
যিহোৱাই মোচিক এই কথা ক’লে, “হাৰোণ নমৰিবৰ বাবে, চন্দুকৰ ওপৰত থকা পাপাবৰণৰ সন্মূখলৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ পবিত্ৰ-স্থানলৈ সকলো সময়ত নোসোমাবৰ বাবে আজ্ঞা কৰা; কিয়নো মই পাপাবৰণৰ ওপৰত মেঘত দৰ্শন দিম।
হে আশা কৰা বন্দীয়াৰসকল, তোমালোকে উলটি সংৰক্ষিত দুৰ্গলৈ আহাঁ! মই আজিয়েই প্ৰকাশ কৰিছোঁ যে, মই তোমাক দুগুণ মঙ্গল দান কৰিম।
চোৱা, তেতিয়াই মন্দিৰৰ আঁৰ-কাপোৰ ওপৰৰ পৰা মজিয়ালৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল;
পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷”
কোনো শিলাময় ঠাইত লাগিব বুলি ভয় কৰি, জাহাজৰ পাছফালে লঙ্গৰ পেলালে আৰু ৰাতিপুৱাবৰ বাবে প্ৰাৰ্থনাৰে বাট চাই থাকিল৷
সেইবাবে লঙ্গৰবোৰ কাতি সাগৰত পেলাই দিলে আৰু একে সময়তে হালিৰ বান্ধ খুলি দি, বতাহত পাল তৰি সেই তীৰলৈ আগবাঢ়ি গ’ল৷
এই কাৰণে বংশবোৰৰ সেই প্ৰতিজ্ঞাৰ নিশ্চিত উত্তৰাধিকাৰী হবলৈ তেওঁলোকৰ উত্তৰাধীকাৰ বিশ্ৱাসৰ দ্ৱাৰাই অনুগ্ৰহেৰেহে হব লাগিব; আৰু কেৱল বংশবোৰৰ বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেই নহয় কিন্তু অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেও সেই প্ৰতিজ্ঞাৰ অন্তর্ভুক্ত হব; যি অব্ৰাহাম আমাৰ সকলোৰে পিতৃ
“আৰু তোমাৰ বংশ এইদৰে হ’ব,” এই বাক্য অনুসাৰে অনেক জাতিৰ পিতৃ হ’বলৈ, আশা নোহোৱাতো, তেওঁ ঈশ্ৱৰত আশা ৰাখি বিশ্বাস কৰিলে;
কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
তেওঁ আমাক খ্রীষ্ট যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।
ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-ইহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন আপোনালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷
এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ’ল; তেনেহলে য’ত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক৷
তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
আৰু দ্বিতীয় আঁৰ-কাপোৰৰ পাছফালে আন এটা অংশ আছিল, সেই অংশক ‘মহা-পবিত্ৰ স্থান’ বোলা হৈছিল৷
কিন্তু দ্বিতীয়টোত হ’লে, কেৱল মহা-পুৰোহিতে অকলে বছেৰেকত এবাৰ সোমায়; তেওঁ নিজৰ পাপৰ কাৰণে আৰু মানুহবোৰে নাজানি কৰা পাপৰ কাৰণে উৎসৰ্গ কৰা পশুৰ তেজ নোলোৱাকৈ নোসোমায়।
ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;