তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;
ইব্ৰী 3:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে মই ক্রুদ্ধ হৈ এই শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।”’ |
তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;
অমালেকীয়া আৰু কনানীয়া লোকসকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।”
মই যিহোৱাই ইয়াক ক’লোঁ। মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম; এই অৰণ্যত তেওঁলোক নিচেইকৈ বিনষ্ট হ’ব, এই ঠাইতে তেওঁলোক মৰিব’।”
কাদেচ-বৰ্ণেয়াৰ পৰা জেৰদ জুৰি পাৰ হোৱালৈকে আমি যাত্ৰা কৰা আঠত্ৰিশ বছৰ হ’ল; এই আঠত্রিশ বছৰত আমাৰ ছাউনিত যিসকল যোদ্ধা পুৰুষ আছিল, তেওঁলোক সকলো যিহোৱাৰ শপত অনুসাৰে সেই প্রজন্মৰ সকলো লোক উচ্ছন্ন হ’ল।
আমি যি সকলে বিশ্বাস কৰিছোঁ, আমিয়ে সেই বিশ্ৰামত প্রৱেশ কৰিবলৈ সক্ষম; যি দৰে কোৱা হৈছে: “মই ক্রুদ্ধ হৈ শপত খালোঁ, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।” যদিও জগতৰ আৰম্ভণীৰ পৰাই সৃষ্টি কার্য শেষ কৰি ঈশ্বৰে এই কথা কৈছিল।