সেয়ে যিহূদাৰ আৰু বিন্যামীনৰ সকলো লোকে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে। নৱম মাহৰ বিশ দিনৰ দিনা, ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ’ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।
ইজ্ৰা 7:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইজ্রা সেই একে বছৰৰ পঞ্চম মাহত যিৰূচালেমলৈ গৈ পালে। |
সেয়ে যিহূদাৰ আৰু বিন্যামীনৰ সকলো লোকে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে। নৱম মাহৰ বিশ দিনৰ দিনা, ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ’ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।
ইস্ৰায়েলৰ বংশধৰ সকলৰ কিছুমানক, আৰু পুৰোহিতসকল, লেবীয়াসকল, মন্দিৰৰ গায়কসকল, দুৱৰীসকল, আৰু যি সকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোকো ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্ৱৰ সপ্তম বছৰত যিৰূচালেমলৈ গৈছিল।
তেওঁ প্ৰথম মাহৰ, প্ৰথম দিনা বাবিল ত্যাগ কৰিছিল। তেওঁৰ ওপৰত ঈশ্বৰৰ দৃষ্টি মঙ্গলময় আছিল আৰু পঞ্চম মাহৰ প্ৰথম দিনা তেওঁ যিৰূচালেমলৈ গৈ পাইছিল।
আমি বন্দী হৈ আছিলোঁ, কিন্তু আমাৰ ঈশ্বৰে আমাক নাপাহৰিলে, তেওঁ আমাৰ বাবে বিশ্ৱাসৰ গুৰুত্বপূৰ্ণ প্রতিশ্রুতি আগবঢ়ালে। আমি ধংস হৈ যোৱা আমাৰ ঈশ্ৱৰৰ গৃহ যাতে পুনৰ নিৰ্ম্মাণ কৰিব পাৰোঁ, তাৰ বাবে পাৰস্যৰ ৰজাৰ দৃষ্টিত তেওঁ আমাক নতুন শক্তি দিলে। তেওঁ এইদৰে কৰিলে, তাতে আমি যিহূদা আৰু যিৰূচালেমত আমাৰ সুৰক্ষাৰ বাবে দেৱাল দিব পাতিলোঁ।
ৰজা অহচবেৰোচৰ ৰাজপ্রসাদলৈ তেওঁৰ ৰাজত্বৰ সপ্তম বছৰৰ দশম মাহ টেবেৎত ইষ্টেৰক তেওঁৰ ওচৰলৈ লৈ যোৱা হৈছিল।
সেয়ে জানি লোৱা আৰু বুজি লোৱা যে, যিৰূচালেম পুনৰ নিৰ্মাণ কৰাৰ আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্ত্তাজন অহালৈকে সাত সপ্তাহ আৰু বাষষ্ঠি সপ্তাহলৈকে হ’ব। যন্ত্রনাৰ সময়ৰ স্বত্তেও গড়েৰে সৈতে যিৰূচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ’ব।