ইজ্ৰা 4:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত ৰহূম, চিমচয়, আৰু তেওঁৰ সহকাৰীসকল দীনায়ীয়া, অফৰ্চৎখীয়া, টৰ্পলীয়া, অৰ্ফচীয়া, অৰ্কবীয়া, বাবিলীয়া, চুচনখীয়া, দেহয়ীয়া, আৰু এলমীয়া লোকসকলে এখন পত্র লিখিলে। |
অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।
ৰহূম সেনাপতি আৰু চিমচয় লিখকেও অৰ্তক্ষত্ৰ ৰজালৈ যিৰূচালেমৰ বিষয়ে এইদৰে এখন পত্র লিখিলে।
নদীৰ সিপাৰে থকা শাসনকৰ্ত্তা তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে তেওঁলোকৰ ওচৰলৈ আহি ক’লে, “এই গৃহ সাজিবলৈ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ তোমালোকক কোনে আজ্ঞা দিলে?”
এইখন দাৰিয়াবচ ৰজালৈ তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰী কৰ্মচাৰীসকলে লিখা পত্ৰ।
চমৰিয়া সৈন্যৰ আৰু তেওঁৰ ভাইসকলৰ উপস্থিতিত তেওঁ ক’লে, “সেই দুৰ্ব্বল যিহুদীসকলে কি কৰি আছে? তেওঁলোকে নিজৰ বাবে পুনৰ নগৰ প্রতিষ্ঠা কৰিব নে? তেওঁলোকে বলিদান কৰিব নে? তেওঁলোকে একেদিনাই সেই কাম শেষ কৰিব নে? পোৰা ভগ্নস্তূপৰ তেওঁলোকে শিলবোৰক জীৱন্ত কৰিব নে?”
মহাৰাজে নিজৰ ৰাজ্যৰ সকলো প্ৰদেশত বিষয়া সকলক নিযুক্ত কৰক। যাতে তেওঁলোকে সকলো ফালৰ পৰা সুন্দৰী যুৱতী কুমাৰী চুচন ৰাজ-প্রসাদৰ অন্তঃপুৰলৈ আনি গোটাব পাৰে। ৰজাৰ কৰ্মচাৰী নপুংসক হেগয় মহিলা সকলৰ দায়িত্বত আছিল। তেওঁৰ তত্বাৱধানত সুন্দৰী কুমাৰী সকলক ৰখা হওক; আৰু হেগয়ে তেওঁলোকক তেওঁলোকৰ প্রসাধনবোৰ দিয়ক।
এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলোঁ।
যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
মই সেই দৰ্শনত দেখিলোঁ যে, মই এলম প্ৰদেশৰ চুচন ৰাজকোঁঠত আছিলোঁ; আৰু সেই দৰ্শনত দেখিলোঁ যে মই উলয় নদীৰ পাৰত আছিলোঁ।