অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ইজ্ৰা 10:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেয়ে যিহূদাৰ আৰু বিন্যামীনৰ সকলো লোকে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে। নৱম মাহৰ বিশ দিনৰ দিনা, ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ’ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।

অধ্যায়টো চাওক



ইজ্ৰা 10:9
10 পৰস্পৰ সংযোগসমূহ  

তেতিয়া পুৰোহিত ইজ্ৰাই থিয় হৈ ক’লে, “তোমালোকে নিজেই নিজকে বিশ্ৱাসঘাত কৰিছা, তোমালোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰি, ইস্ৰায়েলৰ দোষ বৃদ্ধি কৰিলা।


সেয়ে আহক, এতিয়া আমাৰ ঈশ্ৱৰৰ সৈতে প্রতিজ্ঞাবদ্ধ হওঁ, ঈশ্বৰৰ আজ্ঞা অনুসাৰে আৰু আমাৰ ঈশ্ৱৰৰ আজ্ঞাত যিসকল কম্পমান হৈছে তেওঁলোকৰ পৰামৰ্শ অনুসাৰে সকলো মহিলা আৰু তেওঁলোকৰ সন্তান সকলক বাহিৰ কৰি পঠাওঁ, আৰু এই সকলো বিধান অনুযায়ী হওঁক।


যিসকল লোক কৰ্মচাৰী আৰু বৃদ্ধসকলৰ পৰামৰ্শ অনুযায়ী তিনি দিনৰ ভিতৰত নাহে, তেওঁলোকৰ সকলো সম্পত্তি বৰ্জিত কৰা হ’ব, আৰু বন্দীত্বৰ পৰা অহা লোকসকলৰ সমাজৰ পৰা তেওঁলোকক পৃথক কৰা যাব।


অবিশ্ৱাসী কাৰ্যৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰে কোৱা কথাত যিসকল লোক ভয়ত কঁপিছিল তেওঁলোকে মই গধূলিৰ বলিদানৰ সময়লৈকে বহি থকা ঠাইত গোট খালে।


ৰজা অহচবেৰোচৰ ৰাজপ্রসাদলৈ তেওঁৰ ৰাজত্বৰ সপ্তম বছৰৰ দশম মাহ টেবেৎত ইষ্টেৰক তেওঁৰ ওচৰলৈ লৈ যোৱা হৈছিল।


কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।


তেওঁ মাত লগালে আকাশ-মণ্ডলৰ জল সমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্ত ভাগৰ পৰা ভাপবোৰ তোলে। তেওঁ বৃষ্টিৰ কাৰণে বিজুলি স্ৰজে আৰু নিজ ভঁৰালৰ পৰা বতাহ বাহিৰ কৰি আনে।


সেই সময়ত ৰজাই নৱম মাহত জাৰকালিত থকা ঘৰত বহি আছিল, আৰু তেওঁৰ আগত টিফাইত জুই জ্বলি আছিল।