তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে।
আদি 9:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে চেম আৰু যেফতে এখন কাপোৰ তেওঁলোকৰ কান্ধত তুলি ল’লে আৰু পাছ হুঁহকি হুঁহকি গৈ বাপেকৰ বিবস্ত্ৰতা ঢাকিলে। তেওঁলোকৰ মুখ বিপৰীত দিশত আছিল বাবে বাপেকৰ নগ্নতা তেওঁলোকে দেখা নাপালে। |
তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে।
তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।
তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।
হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷
যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।