অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




আদি 8:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।”

অধ্যায়টো চাওক



আদি 8:17
10 পৰস্পৰ সংযোগসমূহ  

ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।”


পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”


“তুমি তোমাৰ ভাৰ্যা, পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ, জাহাজৰ পৰা ওলাই যোৱা।


তেতিয়া নোহে তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰ আৰু বোৱাৰীসকলৰ সৈতে জাহাজৰ বাহিৰলৈ ওলাই আহিল।


ঈশ্বৰে নোহ আৰু তেওঁৰ পুত্ৰসকলক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা।


তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।”


তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।