আদি 7:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাৰ আজ্ঞা অনুসাৰে নোহে সকলোকে কৰিলে। |
ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে।
এই দৰে সাক্ষাৎ কৰা তম্বুৰ আবাসৰ সকলো কাৰ্য কৰি শেষ কৰিলে, যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই ইস্ৰায়েলৰ লোকসকলে সকলো কাৰ্য কৰিলে।
কিন্তু যীচুৱে উত্তৰ দি তেওঁক কলে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।
কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকেই মোৰ আই আৰু মোৰ ভাই।”
যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ শিক্ষা পালে;