তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
আদি 50:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে সেই দেশ নিবাসী কনানীয়াসকলে আটদৰ মৰণা মৰা ঠাইত এইদৰে শোক কৰা দেখি ক’লে, “মিচৰীয়াসকলৰ এয়ে অতি দাৰুণ শোক।” এই হেতুকে যৰ্দ্দনৰ সিপাৰে থকা সেই ঠাই আবেল-নিশ্ৰিয়াম নামেৰে প্ৰখ্যাত হ’ল। |
তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
অব্ৰাহামে তেওঁক ক’লে, “সাৱধান হোৱা, তুমি মোৰ পুত্ৰক সেই দেশলৈ কেতিয়াও ওলোটাই নিনিবা!
যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”
পাছত তেওঁলোকে গৈ যৰ্দ্দনৰ সিপাৰে থকা আটদৰ মৰণা মৰা ঠাই পালে, সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহা-বিলাপেৰে বিলাপ কৰিলে।
সেই দুই পৰ্বত যৰ্দ্দনৰ সিপাৰত পশ্চিমফালৰ বাটৰ পশ্চিমত গিলগলৰ সন্মুখত অৰাবা-নিবাসী কনানীয়াসকলৰ দেশৰ মাজত মোৰিৰ এলোন গছবোৰৰ ওচৰত নহয় নে?
মই আপোনাৰ ওচৰত বিনয় কৰিছোঁ, মোক যৰ্দ্দন নদী পাৰ হবলৈ আৰু সেই উত্তম দেশ প্রত্যক্ষ কৰিবলৈ দিয়ক। মোক সেই সুন্দৰ পার্বত্য দেশ আৰু লিবানোন দর্শন কৰিবলৈ দিয়ক।”
তুমি পিচগাৰ চূড়ালৈ উঠি যোৱা আৰু তাৰ পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে আৰু পূব ফালে চকু তুলি চোৱা। এই সকলো তুমি নিজৰ চকুৰে প্রত্যক্ষ কৰিবা। কিন্তু তুমি যৰ্দ্দন নদী অতিক্রম নকৰিবা।
আৰু গড়েৰে আবৃত হোৱা নগৰ হওক বা গাওঁ হওক, পাঁচজন অধিপতিৰ অধীনত পলেষ্টীয়াসকলৰ যিমান নগৰ আছিল, সিমান সোণৰ নিগনি আছিল; এই কথা যিহোৱাৰ চন্দুক যিহৰ ওপৰত ৰখা হৈছিল, সেই মহা-শিল ইয়াৰ সাক্ষী হৈ ৰ’ল; বৈৎচেমচীয়া যিহোচূৱাৰ পথাৰত সেই শিল আজিলৈকে আছে।