মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”
আদি 5:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সৰ্ব্বমুঠ ন শ ত্রিশ বছৰ জীয়াই থকাৰ পাছত আদমৰ মৃত্যু হ’ল। |
মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”
কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।
কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা)
আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ’ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়।
মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।
কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।
চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!
আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক, তেওঁৰ বাক্যলৈ কাণ দিয়ক আৰু তেওঁতেই আসক্ত হৈ থাকক। কাৰণ প্রভুৱেই আপোনালোকৰ জীৱন আৰু তেঁৱেই আপোনালোকক দীর্ঘজীৱি কৰিব। আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যিহোৱাই প্রতিজ্ঞা কৰিছিল, সেই দেশত বাস কৰিবৰ অৰ্থে আপোনালোকে জীৱনক মনোনীত কৰক।