অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




আদি 47:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যোচেফে ফৰৌণৰ ওচৰলৈ গৈ ক’লে, “মোৰ পিতৃ আৰু ভাই-ককাইসকলে তেওঁলোকৰ মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আদি যি যি আছিল সকলোকে লৈ কনান দেশৰ পৰা আহি পালে। তেওঁলোক এতিয়া গোচনত আছে।”

অধ্যায়টো চাওক



আদি 47:1
8 পৰস্পৰ সংযোগসমূহ  

আপুনি আহি গোচন এলেকাত বাস কৰিব; তাতে আপুনি আৰু আপোনাৰ ল’ৰা-ছোৱালী, আপোনাৰ নাতি-নাতিনী, আপোনাৰ পশু আৰু মেৰ-ছাগৰ জাককে আদি কৰি যি সকলো আপোনাৰ আছে, সেই সকলোবোৰ লৈ মোৰ কাষত থাকিব।


যোচেফৰ ভায়েক-ককায়েকসকল অহাৰ বাতৰি যেতিয়া ফৰৌণৰ ঘৰৰ লোকসকলে শুনিবলৈ পালে, তেতিয়া ফৰৌণ আৰু তেওঁৰ কর্মচাৰীসকল অতিশয় আনন্দিত হ’ল।


যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে।


তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে।


তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”


কিন্তু সেই দিনা গোচন দেশত বাস কৰা মোৰ লোকসকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো ডাঁহৰ জাক নহ’ব। পৃথিৱীৰ মাজত ময়েই যে যিহোৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব।


কেৱল ইস্ৰায়েলী লোকসকল বাস কৰা গোচন দেশতহে শিলাবৃষ্টি হোৱা নাছিল।


যি জনে পবিত্ৰ কৰে আৰু যি সকলক পবিত্ৰ কৰা হয়, সেই সকলোৱে একে জন ঈশ্বৰৰ পৰিয়ালৰ লোক। সেই কাৰণে যি জনে পবিত্র কৰে সেই যীচুৱে লোক সকলক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায়।