যাকোবে ৰাহেলক প্ৰেম কৰিছিল; সেয়ে তেওঁ ক’লে, “আপোনাৰ সৰু ছোৱালী ৰাহেলৰ কাৰণে মই সাত বছৰ আপোনাৰ সেৱা কৰি দিম।”
আদি 46:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যাকোবৰ ভাৰ্যা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামীন। |
যাকোবে ৰাহেলক প্ৰেম কৰিছিল; সেয়ে তেওঁ ক’লে, “আপোনাৰ সৰু ছোৱালী ৰাহেলৰ কাৰণে মই সাত বছৰ আপোনাৰ সেৱা কৰি দিম।”
যোচেফক মিচৰ দেশলৈ লৈ যোৱা হ’ল। ইশ্মায়েলীয়াসকলে যোচেফক মিচৰ দেশলৈ আনিছিল আৰু তাত ফৰৌণ ৰজাৰ পোটিফৰ নামৰ এজন মিচৰীয় বিষয়াই যোচেফক তেওঁলোকৰ পৰা কিনি লৈছিল। পোটিফৰ ফৰৌণ ৰজাৰ ৰক্ষক-সেনাপতি আছিল।
তেতিয়া আপোনাৰ দাস অর্থাৎ মোৰ পিতায়ে আমাক ক’লে, ‘তোমালোকেতো জানাই যে মোৰ ভাৰ্যাই মোলৈ দুটি পুত্ৰ প্ৰসৱ কৰিছিল।
এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ যোগেদি; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন।
ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল।