আদি 44:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা? |
এতিয়া চাওঁক, তেওঁলোকে উপকাৰৰ সলনি আমাৰ কেনে অপকাৰ কৰিছে; আপুনি যি উত্তৰাধীকাৰ আমাক দিলে, আপোনাৰ সেই উত্তৰাধিকাৰৰ পৰা তেওঁলোকে আমাক খেদাই দিবলৈ আহিছে৷
যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?”
তেওঁ দায়ূদক ক’লে, “মোতকৈ তুমি ধাৰ্মিক; কাৰণ তুমি মোৰ মঙ্গল কৰিলা, কিন্তু মই তোমাক অমঙ্গল কৰিলোঁ।