তাৰ পাছত যাকোবে সেই পৰ্ব্বতত পশুবলি উৎসর্গ কৰিলে আৰু তেওঁৰ আত্মীয়সকলক ভোজন কৰিবলৈ মাতিলে; তাতে তেওঁলোকে ভোজন কৰি সেই পৰ্ব্বততে ৰাতিটো কটালে।
আদি 43:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া দাসবোৰে যোচেফক, তেওঁৰ ভায়েক-ককায়েকসকলক আৰু যি মিচৰীয়সকলে যোচেফৰ লগত ভোজন কৰে, তেওঁলোকক বেলেগ বেলেগকৈ খাবলৈ দিলে; কিয়নো মিচৰীয়সকলে ইব্ৰীয়াসকলৰ সৈতে খোৱা-বোৱা নকৰে; কাৰণ সেয়া মিচৰীয়সকলৰ কাৰণে এক ঘৃণনীয় কাৰ্য। |
তাৰ পাছত যাকোবে সেই পৰ্ব্বতত পশুবলি উৎসর্গ কৰিলে আৰু তেওঁৰ আত্মীয়সকলক ভোজন কৰিবলৈ মাতিলে; তাতে তেওঁলোকে ভোজন কৰি সেই পৰ্ব্বততে ৰাতিটো কটালে।
তাতে তেওঁলোকৰ লগত বিন্যামীনক দেখি, যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক ক’লে, “এই লোকসকলক ঘৰৰ ভিতৰলৈ লৈ আহা আৰু এটা পশু মাৰি আহাৰ যুগুত কৰা; এই লোকসকলে দুপৰীয়া মোৰ সৈতে ভোজন কৰিব।”
তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”
মোচিয়ে ক’লে, “সেইদৰে কৰাটো আমাৰ বাবে উচিত নহয়; কাৰণ আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে কৰা বলিদান মিচৰীয়াসকলৰ বাবে ঘৃণনীয়। সেয়ে মিচৰীয়াসকলৰ সাক্ষাতে তেওঁলোকৰ ঘৃণনীয় বলিদান কৰিলে তেওঁলোকে আমাক শিল দলিয়াই নামাৰিব নে?