পাছত বিশ্ৰামৰ ঠাই পাই তেওঁলোকৰ মাজৰ এজনে যেতিয়া নিজৰ গাধক দানা দিবলৈ বস্তা মেলিলে, তেতিয়া তেওঁ নিজৰ ধনখিনি দেখা পালে; ধনখিনি বস্তাৰ মুখতে আছিল।
আদি 43:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইয়াৰ উপৰিও আমি শস্য কিনিবলৈ লগত ধন আনিছোঁ। আমাৰ সেই ধন আমাৰ বস্তাৰ ভিতৰত কোনে যে সুমুৱাই দিছিল, তাক আমি নাজানো।” |
পাছত বিশ্ৰামৰ ঠাই পাই তেওঁলোকৰ মাজৰ এজনে যেতিয়া নিজৰ গাধক দানা দিবলৈ বস্তা মেলিলে, তেতিয়া তেওঁ নিজৰ ধনখিনি দেখা পালে; ধনখিনি বস্তাৰ মুখতে আছিল।
তোমালোকৰ হাতত দুগুণ ধন লোৱা; কাৰণ তোমালোকৰ বস্তাৰ মুখত যি ধন তেওঁলোকে উভটাই দিলে, তাকো ঘূৰাই দিবলৈ লৈ যোৱা। হয়তো ভুলতে সেয়া তোমালোকক দিছিল।
কিন্তু উলটি যোৱাৰ পথত বিশ্রামৰ ঠাই পোৱাত আমি আমাৰ বস্তা মেলোতেই দেখিলোঁ যে, আমাৰ সম্পূর্ণ ধন প্ৰতিজনৰ বস্তাৰ মুখত আছিল; আমি এতিয়া সেই ধন উভটাই আনিছোঁ।
সেই ঘৰগিৰীয়ে তেতিয়া কলে, “আপোনালোকে ভয় কৰিব নালাগে, শান্তি মনেৰে থাকক। আপোনালোকৰ আৰু আপোনালোকৰ পিতৃৰ ঈশ্বৰেই নিশ্চয়কৈ সেই ধন আপোনালোকৰ বস্তাত ৰাখিছিল। মই কিন্তু আপোনালোকৰ ধন পালোঁ।” পাছত ঘৰগিৰীজনে চিমিয়োনক বাহিৰ কৰি তেওঁলোকৰ ওচৰলৈ আনিলে।