তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”
আদি 42:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ৰূবেণে তেওঁৰ পিতৃক ক’লে, “মই যদি বিন্যামীনক আপোনাৰ ওচৰলৈ উভটাই আনিব নোৱাৰো, তেন্তে আপুনি মোৰ দুই পুত্ৰকে বধ কৰিব। কেৱল বিন্যামীনক মোৰ হাতত শোধাই দিয়ক, মই পুনৰ তাক আপোনাৰ ওচৰলৈ ঘূৰাই আনিম।” |
তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”
তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।”
মই বিন্যামীনৰ বাবে জামিন হৈছোঁ। বিন্যামীনৰ দায়িত্বক লৈ আপুনি মোকে জগৰীয়া কৰিব। মই যদি তাক ঘূৰাই আনি আপোনাৰ সন্মুখলৈ নানো, তেন্তে চিৰকাল মই আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
হাজাৰ হাজাৰ মেৰ-ছাগ, বা দহ হাজাৰ তেলৰ নদীত যিহোৱা সন্তুষ্ট হ’ব নে? মোৰ অপৰাধৰ বাবে মোৰ প্ৰথমে জন্ম হোৱা সন্তান, আৰু মোৰ নিজৰ পাপৰ বাবে মোৰ ঔৰসৰ ফল দান কৰিম নে?