আদি 42:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আমি ভাই-ককাই বাৰজন, একে পিতাৰে সন্তান; এজন জীৱিত নাই আৰু সকলোতকৈ সৰুটো এতিয়া পিতাৰ লগত কনান দেশত আছে।’ |
কিন্তু তেওঁলোকে ক’লে, “আপোনাৰ দাস আমি ভাই ককাই বাৰজন; আমি কনান দেশৰ বাসিন্দা এজন লোকৰেই সন্তান; আমাৰ সকলোতকৈ সৰু ভাইটো বর্তমান পিতাৰ ওচৰত আছে আৰু আন এজন ভাই জীৱিত নাই।”
তেতিয়া সেই দেশৰ যি জন প্ৰভু, তেওঁ আমাক ক’লে, ‘‘বোলে, ইয়াৰ দ্বাৰায়েই মই জানিম যে তোমালোক সৎ মানুহ, সেয়ে তোমালোকৰ এজন ভাইক মোৰ লগত থৈ, ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লোৱা আৰু নিজ বাটে যোৱা।
তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।