আদি 39:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যোচেফৰ প্রভুৱে যেতিয়া নিজৰ ভার্য্যাৰ মুখেৰে “তোমাৰ দাসে মোলৈ এনেধৰণৰ ব্যৱহাৰ কৰিছে” বুলি শুনিলে, তেওঁ খঙত জ্বলি উঠিল। |
যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;
জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব। যুৱতীৰ ককায়েকসকলৰ কথা;
তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।
সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।