পোটিফৰৰ ভার্য্যাই দিনে দিনে যোচেফক এই কথা কৈ থাকিবলৈ ধৰিলে। কিন্তু যোচেফে তেওঁৰ লগত শয়ন কৰিবলৈ, এনেকি তাইৰ ওচৰত থাকিবলৈও তেওঁ মান্তি নহ’ল।
আদি 39:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এদিনাখন নিজৰ কোনো কার্যৰ বাবে যোচেফ ঘৰৰ ভিতৰলৈ গৈছিল। তেতিয়া ঘৰৰ কোনো মানুহ সেই ঠাইত নাছিল। |
পোটিফৰৰ ভার্য্যাই দিনে দিনে যোচেফক এই কথা কৈ থাকিবলৈ ধৰিলে। কিন্তু যোচেফে তেওঁৰ লগত শয়ন কৰিবলৈ, এনেকি তাইৰ ওচৰত থাকিবলৈও তেওঁ মান্তি নহ’ল।
পোটিফৰৰ ভার্য্যাই যোচেফক তেওঁৰ কাপোৰত ধৰি টানি ক’লে, “মোৰে সৈতে শয়ন কৰাহি।” কিন্তু যোচেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ পলাই গ’ল।
কাৰো চকুৱে মোক নেদেখিব, এইবুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধিয়া কাললৈ বাট চাই থাকে; সি কয়, ‘কোনোৱে চকুৰে মোক দেখা নাই”। সি নিজৰ মুখ ঢাকি ৰাখে।
যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;