অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




আদি 27:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ ক’লে, “তুমি সচাঁকৈয়ে মোৰ পুত্ৰ এচৌ হোৱানে?” যাকোবে ক’লে, “হয়, মইয়ে হওঁ।”

অধ্যায়টো চাওক



আদি 27:24
16 পৰস্পৰ সংযোগসমূহ  

ইচহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে।


তেতিয়া ইচহাকে ক’লে, “মোৰ ওচৰলৈ আহাৰখিনি আনা; তুমি চিকাৰ কৰি অনা মাংস খাই মই তোমাক আশীৰ্ব্বাদ কৰোঁ।” তাতে যাকোবে আহাৰখিনি আনি দিলে আৰু ইচহাকে তাক ভোজন কৰিলে। তাৰ পাছত যাকোবে দ্ৰাক্ষাৰসো আনি দিয়াত, তেওঁ তাকো পান কৰিলে।


ৰজাই সুধিলে, “তোমাৰ কি হ’ল?” তাতে তাই ক’লে, “মই সঁচাকৈ এগৰাকী বিধৱা; মোৰ স্বামী মৰিল।


তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “তোমাৰ নিচিনা ময়ো এজন ভাববাদী আৰু এজন দূতে যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই কথা ক’লে, ‘তেওঁ অন্ন ভোজন আৰু জল পান কৰিবৰ কাৰণে, তুমি যেন তেওঁক তোমাৰ ঘৰলৈ ঘূৰাই আনাগৈ’।” কিন্তু বৃদ্ধ ভাববাদীজনে তেওঁৰ আগত মিছা কথা কৈছিল।


কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা।


সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।


মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।


অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।


তোমালোকে কৰিবলগীয়া কাৰ্য এইবোৰ: প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰিবা, তোমালোকে নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰিবা।


সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ।


ইজনে সিজনক মিছা কথা নক’ব; কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে;


তেওঁ নিজৰ আচৰণ সলনি কৰিলে আৰু দুৱাৰত আঁকি-বাকি আৰু নিজৰ ডাঢ়িৰ ওপৰত লালটি বোৱাই তেওঁলোকৰ আগত বলীয়াৰ ভাও ধৰিলে।


দায়ূদে অহীমেলক পুৰোহিতক ক’লে, “ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে, আৰু মোক ক’লে, ‘মই তোমাক যি কাৰ্যৰ উদ্দেশে পঠাইছোঁ আৰু তোমাক কি আদেশ দিছোঁ সেই যিষয়ে যেন কোনেও গম নাপাই।’ মই যুৱক সকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ।


তাতে আখীচে ক’লে, “আজি তোমালোকে কাৰ বিৰুদ্ধে আক্রমণ কৰিছিলা?” তেতিয়া দায়ূদে উত্তৰ দি ক’লে, “যিহূদাৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “কেনীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “যিৰহমেলীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে।”