আদি 25:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নোমাল বস্ত্ৰৰ নিচিনা নোমাল হৈ ওলাল; এই কাৰণে তেওঁলোকে তাৰ নাম এচৌ ৰাখিলে। |
ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।”
তেতিয়া যাকোবে তেওঁৰ মাক ৰিবেকাক ক’লে, “মোৰ ককাই এচৌ এজন নোমাল মানুহ; কিন্তু মই হ’লে এজন মসৃণ ছালৰ মানুহ।
ইচহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে।
যিহোৱাই কৈছে, “মই তোমালোকক প্ৰেম কৰিলোঁ,” কিন্তু তোমালোকে কোৱা, “আপুনি আমাক কেনেকৈ প্ৰেম কৰিলে?” যিহোৱাই কৈছে, “এচৌ জানো যাকোবৰ ককায়েক নাছিল?
পাছত মোচিয়ে কাদেচৰ পৰা ইদোমৰ ৰজাৰ গুৰিলৈ দূত পঠাই ক’লে, তোমাৰ ভায়েৰা ইস্ৰায়েলৰ এই কথা কৈছে: “আমালৈ যি সকলো দুখ ঘটিল, তাক তুমি জানি আছা।
আৰু ইচহাকলৈ মই যাকোব আৰু এচৌক দিলোঁ৷ এচৌৰ অধিকাৰৰ অৰ্থে মই তেওঁক চেয়ীৰ পৰ্ব্বত দিলোঁ, কিন্তু যাকোব আৰু তেওঁৰ সন্তান সকল হ’লে মিচৰলৈ নামি গ’ল।