গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”
আদি 20:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছদিনা অবীমেলকে অতি ৰাতিপুৱাতে উঠি নিজৰ দাসবোৰক ওচৰলৈ মাতি এই সকলো কথা ক’লে। এই কথা শুনি লোকসকলৰ অতিশয় ভয় লাগিল। |
গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”
তেতিয়া অবীমেলকে অব্ৰাহামক মাতি আনি ক’লে, “আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে। মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই।”