তেৰহৰ বংশৰ বিৱৰণ এই। তেৰহৰ সন্তান সকল আছিল অব্ৰাম, নাহোৰ আৰু হাৰণ; হাৰণৰ সন্তানৰ নাম আছিল লোট।
আদি 12:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত অব্ৰামে যিহোৱাৰ কথা মতে যাত্ৰা কৰিলে আৰু লোট তেওঁৰ লগত গ’ল। হাৰণ নগৰৰ পৰা ওলাই যোৱাৰ সময়ত অব্ৰামৰ বয়স আছিল পঁয়সত্তৰ বছৰ। |
তেৰহৰ বংশৰ বিৱৰণ এই। তেৰহৰ সন্তান সকল আছিল অব্ৰাম, নাহোৰ আৰু হাৰণ; হাৰণৰ সন্তানৰ নাম আছিল লোট।
তেৰহে তেওঁৰ পুত্ৰ অব্ৰাম, হাৰণৰ পুত্র তেওঁৰ নাতিয়েক লোট, অব্ৰামৰ ভাৰ্যা তেওঁৰ বোৱাৰীয়েক চাৰীক লগত লৈ কনান দেশলৈ যাবৰ কাৰণে কলদীয়াসকলৰ উৰ নগৰৰ পৰা ওলাই গ’ল; কিন্তু তেওঁলোকে হাৰণ নগৰ পর্যন্ত গৈ তাতে বসবাস কৰিবলৈ ধৰিলে।
অব্ৰামৰ যাত্রাত একেলগে থকা যি লোট, তেওঁৰ নিজৰো বহুত মেৰ-ছাগ, পশুৰ জাক, আৰু তম্বু আছিল।
কনান দেশত অব্ৰামে দহ বছৰ কটোৱাৰ পাছত ভাৰ্যা চাৰীয়ে তেওঁৰ মিচৰীয়া দাসী হাগাৰক আনি নিজৰ স্বামী অব্ৰামৰ সংগী কৰি দিলে।
তেতিয়া তেওঁ কলদিয়া সকলৰ দেশ এৰি হাৰোণ নগৰলৈ আহি বসতি কৰিলে। পাছত তেওঁৰ পিতৃৰ মৃত্যু হোৱাত আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে সেই ঠাইৰ পৰা তেওঁক আনিলে।
ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।