আদি 10:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল। |
কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল।
পাছত দায়ূদে হদদেজৰৰ সকলো সৈন্যসামন্তক পৰাজয় কৰা কথা হমাত’ৰ ৰজা তোৱীয়ে যেতিয়া শুনিলে,
অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।
সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
অবিয়াই ইফ্ৰয়িমৰ পৰ্বতীয়া অঞ্চলত থকা চমাৰয়িম পৰ্বতৰ ওপৰত থিয় হৈ ক’লে, “হে যাৰবিয়াম আৰু গোটেই ইস্ৰায়েল লোক, মোৰ কথা শুনা!
কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?
যি লোকসকল চীদোন আৰু অৰ্বদত বাস কৰি আছিল, তেওঁলোক তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোকসকল তোমাৰ মাজত আছিল আৰু তোমাৰ পথ প্রদৰ্শক আছিল।
আৰু দম্মেচকৰ সীমাত থকা হমাতো আশ্ৰয় হ’ব, চীদোনে সৈতে তূৰো হ’ব, যদিওবা সিহঁত বৰ জ্ঞানী।
পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চদাদ পাব।