অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 ৰাজা 8:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ৰজাই তেতিয়া মহিলাগৰাকীক তাইৰ ল’ৰাটিৰ বিষয়ে সুধিলত, তাই তেওঁৰ আগত সকলো কথা ক’লে। তাতে ৰজাই মহিলাগৰাকীৰ কাৰণে এজন কৰ্মচাৰীক আদেশ দি ক’লে, “তাইৰ যি যি আছিল সকলোবোৰ ঘূৰাই দিয়া আৰু তাই দেশ এৰি যোৱাৰে পৰা এতিয়ালৈকে তাইৰ মাটিত যি যি শস্য উৎপন্ন হৈছিল, সেইবোৰো উভটাই দিয়া।”

অধ্যায়টো চাওক



2 ৰাজা 8:6
10 পৰস্পৰ সংযোগসমূহ  

আনফালে, সেই মিদিয়নীয়াসকলে যোচেফক মিচৰ দেশলৈ লৈ গৈ পোটিফৰৰ ওচৰত বিক্রি কৰিলে। পোটিফৰ আছিল ফৰৌণ ৰজাৰ এজন বিষয়া, ৰক্ষকৰ প্রধান সেনাপতি।


তেতিয়া দায়ূদে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো মই তোমাৰ পিতৃ যোনাথনৰ কাৰণে অৱশ্যে দয়া কৰিম আৰু তোমাৰ পিতামহ চৌলৰ সকলো মাটি তোমাক ওলোটাই দিম; আৰু তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।”


গেহজীয়ে যেতিয়া ৰজাক ইলীচাই কেনেকৈ মৃত শিশুটিক জীয়াই তুলিছিল, এই কথা কৈ আছিল, ঠিক সেই সময়তেই যি মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, সেই মহিলাগৰাকী ৰজাৰ ওচৰত নিজৰ ঘৰ আৰু মাটি ঘূৰাই পাবৰ কাৰণে নিবেদন কৰিবলৈ আহিল। গেহজীয়ে তেতিয়া ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এৱেঁই সেই মহিলা আৰু এই জনেই তাইৰ ল’ৰা যাক ইলীচাই পুনৰ জীৱন দিলে।”


তাৰ পাছত ইলীচা দম্মেচকলৈ আহিল; সেই সময়ত অৰামৰ ৰজা বিন-হদদ অসুস্থ আছিল। কোনোৱে ৰজাক ক’লে, “ঈশ্বৰৰ লোক এই ঠাইলৈ আহিছে।”


তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে।


দায়ূদে যিৰূচালেমত ইস্ৰায়েলৰ সকলো কৰ্মচাৰীক এক গোট কৰিলে: জাতিবোৰৰ কৰ্মচাৰীসকলক, সময়-সূচী অনুযায়ী ৰজাৰ পৰিচৰ্যা কৰা বিভাগবোৰৰ কৰ্মচাৰীসকলক, সহস্ৰপতিসকলক আৰু শতপতিসকলক, ৰজা আৰু তেওঁৰ পুত্রসকলৰ দখলত থকা সকলো সম্পত্তিৰ পৰিচালকসকলক, কর্মচাৰী আৰু যুদ্ধাৰু লোকসকলক, তেওঁলোকৰ মাজৰ সকলোতকৈ নিপূণ লোকসকলক যিৰূচালেমত এক গোট কৰিলে।


যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।


ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।


যদি আপোনালোকৰ সেই ইস্রায়েলীয়া ভাই ওচৰত নাই, বা সেই ভাই কোন হয় তাক নাজানে, তেন্তে সেই পশুক আপোনালোকে নিজৰ ঘৰলৈ লৈ যাব আৰু সেই ভায়ে বিচাৰি নাহে মানে তাক আপোনালোকৰ ঘৰতে ৰাখি থ’ব; পাছত বিচাৰি আহিলে আপোনালোকে তাক ওলোটাই দিব।


অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”