অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 ৰাজা 7:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া তেওঁলোকে ঘোঁৰাবোৰেৰে সৈতে দুখন ৰথ ল’লে, আৰু ৰজাই অৰামীয়া সৈন্যবোৰৰ সন্ধানত তেওঁলোকক পঠিয়াই দি ক’লে, “তোমালোকে গৈ চাই আঁহাগৈ।”

অধ্যায়টো চাওক



2 ৰাজা 7:14
3 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ৰজাৰ এজন দাসে উত্তৰ দি ক’লে, “মই আপোনাক মিনতি কৰোঁ, কেইজনমান লোকক নগৰত যি কেইটা ঘোঁৰা অৱশিষ্ট আছে, তাৰ মাজৰ পৰা পাচঁটা ঘোঁৰা লৈ যাবলৈ দিয়ক। যিহেতু ইস্রায়েলৰ অধিক লোকেই মৰিল। ইয়াত অৱশিষ্ট থকা সকলো ইস্রায়েলবাসীৰ দৰে তেওঁলোকৰো মৃত্যু হ’ব। সেয়ে কি ঘটিছে, তাক চাবলৈ আমি তেওঁলোকক পঠিয়াই দিওঁ।”


তাতে তেওঁলোকে যৰ্দ্দন নদী পর্যন্ত অৰামীয়াসকলক বিচাৰি গৈ দেখিলে যে অৰামীয়াসকলে লৰালৰিকৈ পলাই যোৱাৰ কাৰণে গোটেই পথটোতে কাপোৰ-কানি আৰু বস্তু-বাহানিবোৰ পৰি ভৰি আছিল। যিসকলক পঠোৱা হৈছিল, তেওঁলোকে উভটি আহি ৰজাৰ আগত এই সকলো সম্বাদ দিলে।


যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?”