পাছত অৰামীয়াসকল যেতিয়া ইলীচাৰ ওচৰলৈ নামি আহিছিল, তেতিয়া তেওঁ যিহোৱাৰ আগত এই প্ৰাৰ্থনা কৰিলে, “মই নিবেদন কৰোঁ, আপুনি এই লোকসকলক অন্ধ কৰি দিয়ক।” তাতে ইলীচাৰ প্রার্থনা অনুসাৰে যিহোৱাই তেওঁলোকক অন্ধ কৰিলে।
2 ৰাজা 6:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত ইলীচাই অৰামীয়াসকলক ক’লে, “এইটো সেই বাট নহয় আৰু সেই নগৰো নহয়। আপোনালোক মোৰ পাছে পাছে আহঁক, আপোনালোকে যাক বিচাৰিছে, মই সেই মানুহৰ ওচৰলৈ আপোনালোকক লৈ যাম।” এইবুলি তেওঁ তেওঁলোকক চমৰিয়ালৈ লৈ গ’ল। |
পাছত অৰামীয়াসকল যেতিয়া ইলীচাৰ ওচৰলৈ নামি আহিছিল, তেতিয়া তেওঁ যিহোৱাৰ আগত এই প্ৰাৰ্থনা কৰিলে, “মই নিবেদন কৰোঁ, আপুনি এই লোকসকলক অন্ধ কৰি দিয়ক।” তাতে ইলীচাৰ প্রার্থনা অনুসাৰে যিহোৱাই তেওঁলোকক অন্ধ কৰিলে।
চমৰিয়া আহি পোৱাৰ পাছত ইলীচাই ক’লে, “হে যিহোৱা, এই লোকসকলৰ চকু মুকলি কৰি দিয়ক যেন তেওঁলোকে দেখা পায়।” তেতিয়া যিহোৱাই তেওঁলোকৰ চকু মুকলি কৰি দিয়াত তেওঁলোকে দেখা পালে; তাতে তেওঁলোকে দেখিলে যে, তেওঁলোক চমৰীয়াৰ মাজত আছে।
তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক।
যীচুৱে সকলোৰে আগত ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।