যিহোৱাৰ দূতে ক’লে, “হেৰা চাৰীৰ দাসী হাগাৰ, তুমি ক’ৰ পৰা আহিছা আৰু ক’লৈ গৈ আছা?” তাই ক’লে, “মই মোৰ গৰাকীয়ণী চাৰীৰ ওচৰৰ পৰা পলাই আহিছোঁ।”
2 ৰাজা 5:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুৰ সন্মুখত থিয় হ’ল। তেতিয়া ইলীচাই তেওঁক সুধিলে, “গেহজী, তুমি ক’ৰ পৰা আহিলা?” তেওঁ উত্তৰ দিলে, “আপোনাৰ দাস ক’লৈকো যোৱা নাই।” |
যিহোৱাৰ দূতে ক’লে, “হেৰা চাৰীৰ দাসী হাগাৰ, তুমি ক’ৰ পৰা আহিছা আৰু ক’লৈ গৈ আছা?” তাই ক’লে, “মই মোৰ গৰাকীয়ণী চাৰীৰ ওচৰৰ পৰা পলাই আহিছোঁ।”
তেতিয়া যিহোৱাই কয়িনক সুধিলে, “তোমাৰ ভাই হেবল ক’ত আছে?” কয়িনে ক’লে, “মই নেজানো, মই মোৰ ভাইৰ ৰখীয়া নেকি?”
তেতিয়া যিচয়া ভাববাদীয়ে হিষ্কিয়া ৰজাৰ ওচৰলৈ আহি সুধিলে, “সেই মানুহবোৰে আপোনাক কি কথা কলে? তেওঁলোক ক’ৰ পৰা আহিছিল?” হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বেবিলনৰ পৰা মোৰ ওচৰলৈ আহিছিল।”
গেহজীয়ে ক’লে, “সকলো ঠিকেই আছে। কিন্তু মোৰ প্ৰভুৱে এই কথা ক’বলৈ মোক পঠালে যে, ‘ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ পৰা শিষ্য ভাববাদীসকলৰ দুজন যুৱক এতিয়াই মোৰ কাষলৈ আহিল; সেয়ে অনুগ্রহ কৰি, তেওঁলোকৰ বাবে এক কিক্কৰ ৰূপ আৰু দুযোৰ কাপোৰ দিয়ক।’”
তাতে উজ্জিয়াৰ বৰ খং উঠিল৷ সেই সময়ত ধূপ জ্বলাবৰ বাবে তেওঁৰ হাতত এটা ধূপাধাৰ আছিল৷ পুৰোহিতসকললৈ তেওঁৰ খং উঠাৰ সময়ত, মন্দিৰত পুৰোহিতসকলৰ সন্মুখত ধূপবেদীৰ ওচৰত তেওঁৰ কপালত কুষ্ঠ ৰোগ ওলাই পৰিল।
তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।
এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’।
তেওঁলোকৰ ৰাতিৰ আহাৰ খোৱাৰ সময় হ’ল; ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।
চৌলৰ দদায়েকে তেওঁক আৰু তেওঁৰ দাসক সুধিলে, “তোমালোক ক’লৈ গৈছিলা?” তেওঁ উত্তৰ দি ক’লে, “গাধবোৰ বিচাৰি গৈছিলোঁ; কিন্তু গাধবোৰ ক’তো বিচাৰি নাপাই আমি চমূৱেলৰ ওচৰলৈ গ’লো।”