অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 ৰাজা 3:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো যিহোৱাই এই কথা কৈছে, ‘আপোনালোকে কোনো বতাহ বা বৰষুণ দেখা নাপালেও, এই নদীৰ উপত্যকা পানীৰে পৰিপূৰ্ণ হ’ব আৰু আপোনালোকে পানী খাব পাৰিব; আপোনালোকৰ পশুধন আৰু আন আন জন্তুবোৰেও পানী খাব।’

অধ্যায়টো চাওক



2 ৰাজা 3:17
9 পৰস্পৰ সংযোগসমূহ  

তাতে তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে: ‘এই শুকান নদীৰ উপত্যকাটো খান্দি খাল তৈয়াৰ কৰক।’


তেওঁ মৰুভূমিক জলাশয়লৈ, শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে।


শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে; প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে।


মই হোৰেবত শিলৰ ওপৰত তোমাৰ সন্মুখত থিয় হ’ম; আৰু তুমি সেই শিলটোক প্ৰহাৰ কৰিবা। তেতিয়া লোকসকলে খাবলৈ, সেই শিলৰ পৰা পানী ওলাব।” তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ পৰিচাৰকসকলৰ আগত সেইদৰে কৰিলে।


যেতিয়া তেওঁ তেওঁলোকক শুকান ভুমিয়েদি লৈ গৈছিল, তেতিয়া তেওঁলোকৰ পিয়াহ লগা নাছিল; তেওঁ তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী বোৱালে, আৰু তেওঁ শিলটো ফালিলত জল সমূহ বেগেৰে ওলাল।