অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 ৰাজা 23:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল জবীদা। তেওঁ ৰূমা-নিবাসী পদায়াৰ জীয়েক আছিল।

অধ্যায়টো চাওক



2 ৰাজা 23:36
7 পৰস্পৰ সংযোগসমূহ  

যোচিয়াৰ প্ৰথম পুত্র যোহানন, দ্বিতীয় যিহোয়াকীম, তৃতীয় চিদিকিয়া, আৰু চতুৰ্থ চল্লুম।


যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে৷ তেওঁ তেওঁৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।


যোচিয়াৰ পুত্ৰ যিহূদাৰ যিহোয়াকীম ৰজাৰ শাসন কালত আৰু যোচিয়াৰ পুত্ৰ যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ একাদশ বছৰৰ শেষলৈকে, তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহি আছিল। এয়েই বছৰৰ পঞ্চম মাহ আছিল যেতিয়া যিৰূচালেমৰ লোকসকলক বাবিলনলৈ দেশান্ততৰ কৰি নিয়া হৈছিল।


এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”


লোকে তেওঁক টানি নি যিৰূচালেমৰ দুৱাৰৰ বাহিৰে দূৰত পেলাই দি গাধ পোতাৰ দৰে পুতিব।


যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা এই বাক্য আহিল আৰু ক’লে,


যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ তৃতীয় বছৰত, বাবিলৰ ৰজা নবূখদনেচৰ যিৰূচালেমলৈ আহিল, আৰু সকলো দিশৰ পৰা যোগান বন্ধ কৰিবলৈ নগৰখন বেৰি ধৰিলে।