2 ৰাজা 22:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ’ল, তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্রয়োজন নাই। কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল। |
কাঠমিস্ত্রী, ঘৰ নির্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক; তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে।”
কাম কৰি এটোৱাৰ পাছত, তেওঁলোকে বাকী থকা ৰূপখিনি ৰজা আৰু যিহোয়াদাৰ আগলৈ আনিলে৷ তাৰ দ্বাৰাই যিহোৱাৰ গৃহৰ বাবে নানা পাত্ৰ, অৰ্থাৎ পৰিচৰ্যা কৰা পাত্ৰ আৰু হোম কৰা পাত্ৰ আৰু পিয়লা আদি সোণৰ আৰু ৰূপৰ পাত্ৰ সজা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। আৰু যিহোয়াদাৰ দিনৰ সকলো সময়তে যিহোৱাৰ গৃহত সদায় হোম-বলি দিয়া হৈছিল।
মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
বিশ্বাসী লোকে বহুতো আশীৰ্ব্বাদ পায়; কিন্তু যিজন শীঘ্রে ধনী হয়, সেই জনে দণ্ড নোপোৱাকৈ নাথাকে।
আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পণ কৰা।
হে প্ৰিয়, আপুনি ভাই আৰু অচিনাকি ভাই সকলৰ কাৰণে যেতিয়া কর্ম কৰিলে, সেয়া আছিল আপোনাৰ বিশ্বস্তাৰ অনুশীলন,