আৰু ঈশ্বৰৰ লোকজনে ঈশ্বৰৰ বাক্য প্ৰভাৱত যি চিন নিৰূপণ কৰিছিল, সেই অনুসাৰে যজ্ঞবেদী ফাটি ভাগ হ’ল আৰু যজ্ঞবেদীৰ পৰা ভস্ম পৰি গ’ল।
2 ৰাজা 21:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত উজ্জাৰ বাৰীত থকা নিজৰ মৈদামনিত তেওঁক মৈদাম দিলে। তেওঁৰ পুত্ৰ যোচিয়া তেওঁৰ পদত ৰজা হ’ল। |
আৰু ঈশ্বৰৰ লোকজনে ঈশ্বৰৰ বাক্য প্ৰভাৱত যি চিন নিৰূপণ কৰিছিল, সেই অনুসাৰে যজ্ঞবেদী ফাটি ভাগ হ’ল আৰু যজ্ঞবেদীৰ পৰা ভস্ম পৰি গ’ল।
পাছত মনচি তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত মৈদাম দিলে। তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
আমোনৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
আঠ বছৰ বয়সত যোচিয়া ৰজা হৈছিল আৰু যিৰূচালেমত একত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিদীদা; তেওঁ বস্কতৰ অদায়াৰ জীয়েক আছিল।
আমোনৰ পুত্র যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ সময়ত কুচীৰ পুত্র চফনিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য উপস্থিত হ’ল। কুচী আছিল গদলিয়াৰ পুত্র, গদলিয়া অমৰিয়াৰ পুত্র, অমৰিয়া হিষ্কিয়াৰ পুত্র।