2 ৰাজা 18:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত ৰাজগৃহৰ ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজলিখক চেবনা আৰু ইতিহাস-লিখক আচফৰ পুত্ৰ যোৱাহে নিজৰ কাপোৰ ফালি হিষ্কিয়াৰ ওচৰলৈ গ’ল আৰু ৰবচাকিৰ কথা জনালে। |
তেওঁলোকে যেতিয়া ৰজা হিষ্কিয়াক মাতি পঠালে; ৰাজগৃহৰ পৰা ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজ লিখক চেবনা আৰু ইতিহাস লিখক আচফৰ পুত্ৰ যোৱাই তেওঁলোকক সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল।
তেতিয়া হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, চেবনা আৰু যোৱাহে ৰবচাকিক ক’লে, “বিনয় কৰোঁ, আপোনাৰ দাসবোৰৰ লগত আপুনি অৰামীয়া ভাষাৰে কথা কওঁক, কাৰণ আমি তাক বুজি পাওঁ; কিন্তু গড়ৰ ওপৰত থিয় হৈ থকা লোকসকলে শুনিব পৰাকৈ আপুনি আমাৰ লগত ইব্ৰী ভাষাৰে কথা নক’ব।”
কিন্তু লোকসকল মনে মনে থাকিল; তেওঁলোকে তেওঁক এটি কথাৰো উত্তৰ নিদিলে; কিয়নো ৰজাই এনে আজ্ঞা দিছিল, “আপোনালোকে তেওঁক উত্তৰ নিদিব।”
তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।
ইস্ৰায়েলৰ ৰজাই সেই পত্ৰ পঢ়ি বেজাৰতে নিজৰ কাপোৰ ফালি ক’লে, “মই জানো ঈশ্বৰ? মোৰ জানো কাৰোবাৰ মৃত্যু আৰু জীৱনৰ ওপৰত হাত আছে। কিয় এই লোকজনে এজন মানুহৰ কুষ্ঠ ৰোগ সুস্থ কৰাৰ বাবে তেওঁক মোৰ ওচৰলৈ পঠাইছে? ইয়াতে বুজা গৈছে যে, তেওঁ মোৰ লগত কাজিয়া আৰম্ভ কৰিবলৈহে ছল কৰিছে।”
মহিলাগৰাকীৰ এই কথা শুনি ৰজাই নিজৰ কাপোৰ ফালিলে; তেওঁ তেতিয়াও দেৱালৰ ওপৰতে ফুৰি আছিল। তাতে লোকসকলে চাই দেখিলে যে নিজৰ পিন্ধা কাপোৰৰ তলত ৰজাই চট কাপোৰ পিন্ধি আছে।
এই সকলো কাৰ্যৰ আৰু বিশ্ৱস্ত আচৰণৰ পাছত, অচূৰৰ ৰজা চনহেৰীবে আহি যিহূদাৰ দেশত আহিল; তেওঁ সেই ঠাইত ছাউনি পাতিছিল কিয়নো তেওঁ গড়েৰে আবৃত নগৰবোৰ আক্ৰমণ কৰি গড় ভাঙি তাক নিজৰ কৰিবলৈ মন কৰিছিল।
মই এই কথা শুনি মোৰ কাপোৰ আৰু চোলা ফালিলোঁ, আৰু মোৰ মুৰৰ চুলি ও দাঢ়ি ছিঙি যোৱাকৈ টানিলোঁ। তাৰ পাছত লাজত বহি পৰিলোঁ।
তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে,
চোৱা, তেওঁলোকৰ কটকীসকলে বাটত চিঞৰিছে; কুটনীতিজ্ঞ সকলে শান্তিৰ কাৰণে আশা কৰি মনোবেদনাত কান্দিছে।
তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা।