অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 ৰাজা 13:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।

অধ্যায়টো চাওক



2 ৰাজা 13:11
6 পৰস্পৰ সংযোগসমূহ  

কিন্তু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কার্য কৰাইছিল, সেইবোৰৰ পৰা তেওঁ আঁতৰি নাহিল অৰ্থাৎ বৈৎএল আৰু দানত থকা সোণৰ দামুৰি দুটাৰ পাছত চলাৰ পৰা যেহূ আঁতৰ নহ’ল।


যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল।


যোৱাচৰ অন্যান্য সকলো কর্ম আৰু যি পৰাক্রমেৰে তেওঁ যিহূদাৰ ৰজা অমচিয়াৰ সৈতে যুদ্ধ কৰিছিল, সেই সকলো বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?


যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।


তথাপিও যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, তেওঁলোকে সেই সকলো পাপ কার্য কৰিয়েই থাকিল। আচেৰা মুৰ্ত্তিটো তেতিয়াও চমৰিয়াতে আছিল।


তথাপি নবাটৰ পুত্র যাৰবিয়ামে যি সকলো পাপ কার্য কৰি ইস্ৰায়েলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল; তেওঁ সেইবোৰ বন্ধ নকৰিলে।