অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 ৰাজা 10:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যেহূৱে আজ্ঞা দিলে, “বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা।” সেই লোকসকলে সেই কথা প্রচাৰ কৰিলে।

অধ্যায়টো চাওক



2 ৰাজা 10:20
6 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে উপবাস প্ৰচাৰ কৰি লোকসকলৰ মাজত নাবোতক তেওঁলোকৰ ওপৰত ওখ পদত ঠাই দিলে।


হাৰোণে তেওঁলোকৰ পৰা সোণ ল’লে, আৰু সেইবোৰ সাঁচত ঢলি এটা দামুৰিৰ আকৃতিৰে সোণৰ দামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক’লে, “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।”


হাৰোণে যেতিয়া এইবোৰ দেখিলে, তেতিয়া সেই দামুৰিটোৰ আগত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; আৰু “কাইলৈ যিহোৱাৰ সন্মানৰ উদ্দেশ্যে উৎসৱ হ’ব”; এইবুলি তেওঁ ঘোষণা কৰিলে।


তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা। পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত যিহোৱালৈ কাতৰোক্তি কৰা,


তোমালোকে চিয়োনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, পবিত্র সমাজ গোট খাবলৈ ঘোষণা কৰা।